মই এনেকুৱা এগৰাকী মাতৃ বিচাৰিছো

যাৰ উমাল বুকুৰ মৰমত নতুন বছৰটো
কোমল ওঁঠ চিকুটি বিচাৰি আনিম
শব্দ, বৰ্ণ -বিন্যাস আৰু পোহৰৰ বাটৰ উৎস।
মই এনেকুৱা এগৰাকী মাতৃ বিচাৰিছো
যি নিঃস্বাৰ্থ ভাবে মোৰ কপালত আশীৰ্বাদৰ হাত দি বিদায় দিব প্ৰতিটো পুৱা আৰু চৰাইৰ পাখিত লিখি দিব ৰ'দৰ ঠিকনা।
মই এনেকুৱা এগৰাকী মাতৃ বিচাৰিছো
যাৰ জীৱনৰ দীঘ আৰু বানি হ'ব মোৰ সমল সাৰথি।
যিয়ে আঙুলিত ধৰি সহস্ৰ ধুমুহা ,বৰষুণৰ ৰাতি
উমাল নিহালীত লুকুৱাই শুনাব শান্তিশ্লোক ।
তেনে এগৰাকী মাতৃৰ গৰ্ভত মই পুনৰজনম ল'ম
আৰু আকাশ চিৰাচিৰ কৰি
চিঞৰি -চিঞৰি কম
আই, মোক তুলি -তালি আগবঢ়াই নিয়া
বছৰৰ পিছত বছৰ ,
যুগে- যুগে।